আজিৰে পৰা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিঙ্গাকাৰ শিৱমন্দিৰ হিচাপে খ্যাত মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ অনুষ্ঠিত হৈছে পুৰণিগুদামত। প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ প্ৰথম দিনটোতে মহাশক্তিমান মহাদেৱৰ আশীষ বিচাৰি মহামৃত্যুঞ্জয় মন্দিৰত ভিৰ কৰিলেহি বিজেপিৰ মন্ত্ৰী-বিধায়কে।
মহামৃত্যুঞ্জয় মন্দিৰৰ অভ্যৰ্থনা সমিতিৰ দায়িত্বত আছে অসমৰ বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা। আজি প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আয়োজিত ১০৮ কুণ্ডৰ মহাযজ্ঞত অংশগ্ৰহণ কৰিবলৈ সপত্নীক উপস্থিত হয় ড° হিমন্ত বিশ্ব শৰ্মা। আনহাতে হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাৰ লগতে আজি মহাদেৱৰ আশীষ বিচাৰি যজ্ঞত বহিল জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰী পিযুষ হাজৰিকাৰ পত্নী আইমী বৰুৱা।
প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত উপস্থিত থাকিল সাংসদ পল্লৱ লোচন দাস, বিধায়ক ৰূপক শৰ্মাৰ লগতে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা। জিতু গোস্বামীয়েও মহাদেৱৰ কৃপাদৃষ্টি বিচাৰি আজিৰ দিনটো ব্যস্ত থাকিল মহামৃত্যুঞ্জয় যজ্ঞত।
উল্লেখযোগ্য যে, ২০০৯ চনতে ৰাইজৰ দান-বৰঙণিৰে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ১২৬ফুট উচ্চতাৰ এই মন্দিৰৰ নিৰ্মাণৰ বাবদ প্ৰায় ১৪কোটি টকা ব্যয় হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তক আদৰিবলৈ সুন্দৰ পৰ্যটক আৱাসৰো ব্যৱস্থা কৰিছে মন্দিৰ ন্যাসে।
