আজিৰে পৰা প্ৰত্যাহাৰ হ’ল কোভিডৰ সকলো নিষেধাজ্ঞা

130

ৰাজ্যত প্ৰত্যাহাৰ কৰা হ’ল কোভিডৰ সকলো নিষেধাজ্ঞা। পুনৰ এবাৰ স্বাভাৱিক হৈ পৰিল সকলো। আজিৰে পৰা ৰাজ্যত খোল খালে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা স্কুলসমূহো।

সোমবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি, মঙলবাৰৰ পৰা অৰ্থাৎ আজিৰে পৰা প্ৰত্যাহাৰ হৈছে নৈশ সান্ধ্য আইনো। অৱশ্যে কোভিড আচৰণ বিধি মানি চলাটো হ’ব বাধ্যতামূলক। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ৰাজহুৱা স্থানত যাবলৈ কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ থকাটো বাধ্যতামূলক।

বিমান বন্দৰ, ৰে’ল ষ্টেচন, হাস্পতাল আদিত থকা কোভিড পৰীক্ষাৰ সকলো নিয়ম প্ৰত্যাহাৰ কৰা হৈছে। এতিয়া সকলোধৰণৰ সামাজিক, ধৰ্মীয়, ৰাজনৈতিক কাম কাজ বিনা বাধাই কৰিব পাৰিব। বিবাহ, মৃতকৰ সৎকাৰ আদি কাৰ্যতো কোনো বাধা নিষেধ নাথাকিব। বজাৰ-সমাৰ, ছবিগৃহকে ধৰি শ্বপিং মল আদি সম্পূৰ্ণ খোলা থাকিব। ৰাজ্যৰ বিদ্যালয়- মহাবিদ্যালয়-বিশ্ববিদ্যালয় সমূহো প্ৰাক কোভিড কালৰ দৰেই স্বাভাৱিক ৰূপত আৰম্ভ হ’ব।