চিলাপথাৰত দেশৰ আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি ‘মেৰা মাটি মেৰা দেশ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ন।আজিৰে পৰা আৰম্ভ হৈছে অসম চৰকাৰৰ “মেৰা মাটি মেৰা দেশ” শীৰ্ষক কাৰ্যসূচী। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি আৰু আজি এই কাৰ্যসূচী অন্য প্ৰান্তৰ লগতে চিলাপথাৰতো আয়োজন কৰা হয়। চিলাপথাৰ নগৰত থকা সীতাৰাম টায়ে হাইস্কুলৰ খেলপথাৰত চিলাপথাৰ পৌৰসভাৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীত উপস্থিত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা এটি প্ৰাৰ্থনাৰে আৰম্ভ কৰা হয়। স্হানীয় বিধায়ক ভুৱন পেগুয়ে জাতীয় পতাকা উত্তোলন কৰাৰ পাছত দেশৰ স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা বীৰ শ্বহীদৰ নামত শিলান্যাস উন্মোচন কৰে জিলা আয়ুক্ত অংকুৰ ভৰাঁলী আৰু বিধায়ক ভুৱন পেগুয়ে।
উপস্থিত ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী, চৰকাৰী বিষয়া কৰ্মচাৰী সকলে হাতত এমুঠি ভূমি লৈ পঞ্চপণ সংকল্প পাঠ কৰোৱা হয়। অনুষ্ঠানত ৭৫ জোপা বৃক্ষপুলি ৰোপণও হয়। কাৰ্যসূচীত জিলা প্ৰশাসনৰ, চিলাপথাৰ পৌৰসভাৰ বিষয়া কৰ্মচাৰী লগতে বহু ছাত্ৰ-ছাত্ৰী আৰু গণ্য মান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।