বুধবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট অধিৱেশনৰ আদৰণি ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ পৰা চন্দ্ৰযানৰ সফলতালৈকে বিষয়সমূহ উত্থাপন কৰে। ইয়াৰ উপৰিও ৰাম মন্দিৰক লৈও আনন্দ ব্যক্ত কৰে ৰাষ্ট্ৰপতিয়ে।
তেওঁ কয়, “যুগ যুগ ধৰি অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ৰাইজে অপেক্ষা কৰি আহিছে। সেই সপোন বাস্তৱায়িত হৈছে। জম্মু-কাশ্মীৰৰ পৰাও ৰাইজে বিচাৰিছিল ৩৭০ অনুচ্ছেদৰ অন্ত পৰক। আজি ৩৭০ ইতিহাস।” তিনি তালাক প্ৰথা বিলুপ্ত কৰাৰ ক্ষেত্ৰতো মুৰ্মুৱে উৎসাহ প্ৰকাশ কৰে।
ইফালে, ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ কথা কোৱাৰ উপৰিও দ্ৰৌপদী মুৰ্মুৱে কয় যে দেশৰ পৰ্য্যটনৰ ক্ষেত্ৰত ক্ৰমান্বয়ে উন্নতি হৈছে। পৰ্যটক আন্দামান আৰু লক্ষদ্বীপলৈ যাবলৈ আগ্ৰহী হোৱাৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিবলৈ মানুহৰ ভিৰ লগা বুলি তেওঁ মন্তব্য কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “পৰ্যটন এনে এটা খণ্ড য’ত যুৱক-যুৱতীসকলে চাকৰিৰ সুযোগ পায়। উত্তৰ-পূৰ্বাঞ্চলত অভিলেখ সংখ্যক পৰ্যটকৰ আগমন ঘটিছে। আন্দামান দ্বীপপুঞ্জ বা লক্ষদ্বীপ ভ্ৰমণৰ বাবে মানুহৰ মাজত তীব্ৰ আগ্ৰহ দেখা গৈছে। তদুপৰি ‘প্ৰণপ্ৰতিষ্ঠা’ৰ অন্তত অযোধ্যা ধামত ১৩ লাখ ভক্তৰ সমাগম হয়।’’
ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “নতুন সংসদ ভৱনত এয়া মোৰ প্ৰথম ভাষণ। এই অসাধাৰণ ভৱনটো অমৃত যুগৰ আৰম্ভণিতে নিৰ্মাণ কৰা হৈছিল। ইয়াত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ সুগন্ধি আছে। ইয়াত গণতান্ত্ৰিক আৰু সংসদীয় পৰম্পৰাক সন্মান জনোৱাৰ সংকল্পও সন্নিবিষ্ট কৰা হৈছে।”
লগতে তেওঁ কয়, “যোৱা এটা বছৰত ভাৰতে বহুখিনি সাফল্য লাভ কৰিছে। ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা ভাৰত প্ৰথমখন দেশ। জি-২০ সন্মিলনৰ সফল আয়োজনে বিশ্বত ভাৰতৰ ভূমিকাক অধিক শক্তিশালী কৰি তুলিছে। এছিয়ান গেমছত শতাধিক পদক লাভ কৰা হৈছে। এটা স্থায়ী সুৰংগ নিৰ্মাণ কৰা হৈছে।”