আজিৰে পৰা আৰম্ভ IPL-2023! উদ্বোধনী খেলত সন্মুখ সমৰত CSK বনাম GT

37698

আজিৰে পৰা আৰম্ভ দেশৰ আটাইতকৈ সৰ্ববৃহৎ ক্ৰীড়াযুদ্ধ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ।

আজিৰ উদ্বোধনী মেচত সন্মুখ সমৰত উপনীত চাৰি বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংগছ আৰু গুজৰাট টাইটানছ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব উদ্বোধনী খেলখন।

ইফালে জানিব পৰা মতে, আইপিএল-২০২৩ৰ উদ্বোধনীৰ সময়ত অনুষ্ঠান পৰিৱেশন কৰিব দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মণ্ডানা, কণ্ঠশিল্পী আৰিজিত সিং আদিয়ে।

২৮ মে’ত অনুষ্ঠিত হ’ব আইপিএলৰ চূড়ান্ত খেলখন।