আজিৰে পৰা আত্মীয়ক সাক্ষাতৰ অনুমতি লাভ কৰিব কাৰাবন্দীসকলে

70

কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে যোৱা প্ৰায় ৯ মাহ ধৰি আত্মীয়ৰ সাক্ষাতৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যৰ কাৰাগাৰসমূহৰ কাৰাবন্দীসকলে সোমবাৰৰ পৰা পুনৰ নিজৰ আত্মীয়ক সাক্ষাৎ কৰিব পাৰিব। নতুন নিৰ্দেশনা অনুসৰি সোমবাৰৰ পৰা কাৰাবন্দী সকলে দিনৰ দুটা সময়ত আত্মীয়ক সাক্ষাৎ কৰাৰ অনুমতি লাভ কৰিব কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা।

ইফালে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত থকা ১৪০০ কাৰাবন্দীয়েও সোমবাৰৰ পুৱা ৯ বজাৰ পৰা আত্মীয়ক সাক্ষাৎ কৰাৰ অনুমতি লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা কাৰাগাৰসমূহৰ কাৰাবন্দী সকলেও লাভ কৰিছে সাক্ষাতৰ অনুমতি।