আজিৰ ৰাভা দিৱসত কেইটামান কাৰণত বিশেষভাৱে গুৰুত্বপূৰ্ণ…

78

আজিৰ ৰাভা দিৱসৰ দিনটো আৰু কেইটামান কাৰণত বিশেষভাৱে গুৰুত্বপূৰ্ণ। চাৰিটা বেলেগ বেলেগ ক্ষেত্ৰত চাৰিটা বৰ প্ৰয়োজনীয় কাম সম্পূৰ্ণ হ’ল আজি। প্ৰথমতে বিষ্ণু ৰাভা দিৱস উপলক্ষে তেখেতে শ্ৰদ্ধাঞ্জলি নিবেদন কৰি অসমৰ সাংস্কৃতিক পথাৰত কাম কৰা দুগৰাকী অসমীয়ালৈ চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰি সন্মানিত কৰিলে।

এটা জাতিৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ক্ষেত্ৰটো হৈছে কৃষি। বিষ্ণু ৰাভাদেৱেও কৃষি আৰু কৃষকৰ হকে চিন্তা কৰিছিল। তাকেই যেন আগবঢ়াই নিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। কৃষকৰ বেদনা অনুভৱ কৰি খেতিয়কসকলৰ বাবে ডিব্ৰুগড়ত ট্ৰেক্টৰ বিতৰণ কৰিলে তেখেতে। পথাৰ নাথাকিলে জানো জাতি এটা জীয়াই থাকিব পাৰে।

ৰাইজৰ সুৰক্ষাৰ দিশটো তেওঁ সদায় গুৰুত্ব দি আহিছে। অসম আৰক্ষীতো তেখেতৰ দিনত বহু নতুন সংযোজন হোৱা আমি দেখিবলৈ পাইছোঁ। আৰক্ষীক ভাল পৰিৱেশত কাম কৰিবলৈ দিছে আৰু ৰাইজৰো তাৰ বাবে সুবিধা হৈছে। বহুদিন ধৰি প্ৰয়োজন হোৱা ডিব্ৰুগড় আৰক্ষী থানাৰ আধুনিক সুবিধা থকা নৱ নিৰ্মিত ভৱনটো আজি তেৱেঁই উদ্বোধন কৰিলে। তেওঁৰ দিনতে কাম আৰম্ভ হৈ তেঁৱেই নিজে উদ্বোধন কৰাটো আমাৰ বাবে এটা শুভ লক্ষণ।

ক্ৰীড়াৰ পথাৰতো অসমত প্ৰতিভাৰ অভাৱ নাই। যুৱ প্ৰজন্মই খেলত যাতে সকলোবোৰ সুবিধা পায় সেয়াও প্ৰয়োজনীয়। খেলৰ ডাঙৰ ডাঙৰ প্ৰতিযোগিতাৰ পৰা সৰু সৰু ঠাইবোৰত ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰালৈকে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিছে। আজিও অসমৰ আৰু ডিব্ৰুগড়ৰ যুৱক যুৱতী সকলৰ সপোনক বাস্তবায়িত কৰি এটা আধুনিক টেনিছ ক’ৰ্ট সোণোৱাল ডাঙৰীয়াই উদ্বোধন কৰিলে। তেওঁ নিজেও খেলি খেলুৱৈসকলক উৎসাহ দিলে।

আমি ৰাভা দিৱস উদযাপন কৰি থাকোতেই সৰ্বানন্দ সোণোৱালে ৰাভাৰ সপোনৰ অসমখন বনাবলৈকে চাৰিটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে। এনেকৈয়ে অসম আৰু অসমীয়াক আগুৱাই নিবলৈ আপুনি কাম কৰি যাওক। ৰাইজৰ আশীৰ্বাদ সদায় থাকিব।