আজিৰ পৰা আৰম্ভ IPL, এইবাৰ কি কি নিয়ম পালন কৰিব লাগিব খেলুৱৈ, অনুৰাগীয়ে…

108

ডিজিটেল ডেস্কঃ ভাৰতৰ ক্ৰিকেটৰ মহোৎসৱসদৃশ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কোৰোনা আতংকৰ মাজতে শনিবাৰৰ পৰা আৰম্ভ হ’ব। ৫৩ দিনীয়া আইপিএল টুৰ্ণামেণ্টৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ’ব ৰোহিত শৰ্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছ আৰু মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংগছ। অৱশ্যে এইবাৰ ভাৰতৰ পৰিৱৰ্তে ইউএইত অনুষ্ঠিত কৰা হৈছে। আনহাতে কোৰোনা মহামাৰীৰ আতংকৰ পৰিপ্ৰেক্ষিতত এইবাৰ খেলত কেতবোৰ নতুন নিয়ম বান্ধি দিয়া হৈছে। এইবাৰ আইপিএলৰ খেলত মিডিয়াৰ প্ৰৱেশতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। উল্লেখ্য যে, ১৯ ছেপ্তেম্বৰ অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএলৰ ফাইনেল খেলখন অনুষ্ঠিত কৰা হ’ব ১০ নৱেম্বৰত।

কোৰোনা আতংকৰ মাজতে খেল অনুষ্ঠিত কৰাত ইপিএল গভৰ্ণিং কাউন্সিলে অনুমতি প্ৰদান কৰিলেও খেল উপভোগকাৰী আৰু খেলুৱৈ সকলে এইবাৰ কেতবোৰ নিয়ম পালন কৰিব লাগিব।

থাৰ্ড আম্পায়াৰৰ ‘ন’ বল’ নিয়ম
বিগত আইপিএল চিজনত ন’ বলক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ফ্ৰণ্ট ফুট ন’ বল ফীল্ড আম্পায়ৰৰ পৰিৱৰ্তে থাৰ্ড আম্পায়ৰে পৰ্যবেক্ষণ কৰিব। প্ৰণিধানযোগ্য যে, বিগত বৰ্ষৰ আইপিএলত ন’ বলক কেন্দ্ৰ কৰি খেলপথাৰতে কেইবাগৰাকীও খেলুৱৈয়ে ক্ষোভ জাহিৰ কৰিছিল।

কোৰোনা বিকল্প
আইপিএলৰ সময়ত যদি কোনো খেলুৱৈ কোৰোনাত আক্ৰান্ত হয়, তেন্তে দলে আক্ৰান্ত খেলুৱৈজনৰ ঠাইত গোটেই চিজনৰ বাবে আন এজন খেলুৱৈক অন্তৰ্ভূক্ত কৰিব পাৰে। অৱশ্যে বিকল্প চয়নৰ সময়ত বলাৰৰ ঠাইত বলাৰ আৰু বেটছমেনৰ ঠাইত বেটছমেনকহে দলত অন্তৰ্ভূক্ত কৰিব পাৰিব।

বলত লেলাউটিৰ প্ৰয়োগ কৰিব নোৱাৰিব
খেলৰ সময়ত দেখা যায় যে বল চুইং কৰিবলৈ বলাৰে বলত থু লগায়। কিন্তু কোৰোনাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আইপিএলত বলাৰে থু ব্যৱহাৰ নকৰিবলৈ কঠোৰ নিয়ম বান্ধি দিয়া হৈছে। যদি কোনো বলাৰে এই নিয়ম উলংঘা কৰে, তেন্তে প্ৰথম তেওঁক সকিয়নী প্ৰদান কৰা হ’ব। কিন্তু তাৰ পিছতো যদি দ্বিতীয়বাৰ নিয়ম উলংঘা কৰে, তেন্তে বিপৰীত দলৰ স্ক’ৰত ৫ ৰান জৰিমণা হিচাপে সংযোজন কৰা হ’ব।

খেলৰ সময়
আইপিএল ভাৰতৰ ক্ৰিকেট উৎসৱ। এনে প্ৰৰিপেক্ষিতত ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ খেলৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এইবাৰ খেল ভাৰতীয় সময়ানুসৰি দুপৰীয়াৰ খেলখন ৩.৩০ বজাত আৰু সন্ধিয়াৰ খেলখন ৭.৩০ বজাত অনুষ্ঠিত কৰা হ’ব।

ইয়াৰোপৰিও মুঠ ৫৩ দিন চলিবলগা আইপিল টুৰ্ণামেণ্টমৰ প্ৰথম ১০ দিনত প্ৰতিদিনে দুখনকৈ খেল অনুষ্ঠিত কৰা হ’ব।