গুৱাহাটী: জীৱন আৰু সমাজৰ প্ৰতিটো কথাই শব্দেৰে সজাই মানুহৰ বুকুত শিপাবলৈ তেওঁ মেলি দিব জানিছিল। সেয়েহে তেওঁৰ গীতবোৰ শুনিলে আজিও জীপাল হৈ উঠে শ্ৰোতাৰ হৃদয়। যাদুকৰী কণ্ঠ আৰু শব্দৰ মূৰ্চনাৰে নিজকে প্ৰতিষ্ঠা কৰা সেইগৰাকী শিল্পীয়েই হৈছে সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা। তেওঁৰ আজি নৱম বাৰ্ষিক মৃত্যু দিৱস। ২০১১ চনৰ ৫ নৱেম্বৰৰ দিনটোতে চিৰবিদায় লোৱা এইগৰাকী মহান শিল্পীৰ মৃত্যু দিৱসত আমি স্কাই নিউজ অসমেও সশ্ৰদ্ধাৰে সুঁৱৰিছো।
অসম আৰু অসমীয়াক ভালপোৱা শিল্পী আছিল ভূপেন হাজৰিকা। সেয়ে তেওঁৰ বহু গীতত ঠাই পাইছিল জাতীয় চেতনাই। কিন্তু মাজে মাজে তেঁৱো যেন উপলব্ধি কৰিছিল অসমীয়াৰ অন্ধকাৰচন্ন ভৱিষ্যতৰ কথা। সেয়ে তেওঁ শব্দৰে সজাইছিল- আমি অসমীয়া নহও দুখীয়া, বুলি সান্তনা লভিলে নহ’ব…।
আজি বিভেদৰ ৰাজনীতি চলিছে। নিজৰ স্বাৰ্থৰ বিনিময়ত একাংশ নেতাই বিভেদ আনিছে অসমীয়াৰ মাজতে। আজি কোন অসমীয়া? সেই প্ৰশ্নও যেন অনৰ্থক হৈ পৰিছে। আজি অসমত কোনোবা যদি হিন্দু, কোনোবা মুছলমান। কোনোবা আকৌ বঙালী, কছাৰী, মটক, চুতীয়া…। কিন্তু অসমীয়া? অসমীয়া কোন?
ড০ ভূপেন হাজৰিকাই তেওঁৰ গীতেৰে বাৰে বাৰে সকীয়াই দিছিল- এয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ মিলনভূমি, এয়া সমন্বয়ৰ স্থলী। এই ভূমিতেই মহাপুৰুষ শংকৰদেৱে বৰগীত ৰচিছিল, এই ভূমিতেই জিকিৰ ৰচিছিল আজান ফকীৰে। অথচ আজি অসমৰ মিলনভূমিত অসমীয়া বুলিবলৈ কোনো নাই। সমন্বয়ৰ সেতু চিঙি আজি চলিছে ৰাজনীতি! বিভেদৰ ৰাজনীতিয়ে সৃষ্টি কৰা এই সংকটকালত জাতি মাটি ভেটিক ভালপোৱা প্ৰতিজন অসমীয়াই সুধাকণ্ঠই দেখুৱাই যোৱা সমন্বয়ৰ বাটেৰে শান্তি ঘূৰি আহিব বুলি আশা পালি ৰৈ আছে। সকলোৱে আশা কৰিছে কোৰোনা মহামাৰীয়ে ভাৰাক্ৰান্ত কৰি তোলা মন-মগজুক সংগীত সূৰ্য গৰাকীৰ গভীৰ আস্থাৰ গানে আকৌ জীপাল কৰি তুলিব। হে শিল্পী, তোমাক নমস্কাৰ!