আজি হ’ব বাবৰি মছজিদ ধ্বংসকাণ্ডৰ ৰায়দান, কাৰ কাৰ নাম আছে অভিযোগনামাত…

85

ডিজিটেল ডেস্কঃ ১৯৯২ চনৰ ৯ ডিচেম্বৰত দুৰ্বৃত্তৰ দলে ধ্বংস কৰিছিল অযোধ্যাৰ বাবৰি মছজিদ। সেই ঘটনাৰ ২৮ বছৰ পিছত আজি অৰ্থাৎ বুধবাৰে বাবৰি মছজিদ ধ্বংস কাণ্ডৰ ৰায়প্ৰদান কৰিব লক্ষ্ণৌৰ এখন বিশেষ চিবিআই আদালতে। এই ঘটনাৰ পিছতে চিবিআইয়ে তদন্ত চলাই মুঠ ৪৯ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। তাৰ ভিতৰত নাম আছে বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, উমা ভাৰতীৰ। অৱশ্যে যোৱা ২৮ বছৰত ১৭ জন অভিযুক্তৰ মৃত্যু ঘটিছে বিভিন্ন কাৰণত। বাকী থকা ৩২ জন অভিযুক্তৰ ওপৰত চলি আছে গোচৰ।

বাবৰি মছজিদ ধ্বংস কাণ্ডৰ তদন্তত চিবিআইয়ে দাখিল কৰা প্ৰতিবেদনত যি ৩২ জন অভিযুক্ত বৰ্তমান জীৱিত আছে, সেইসকল হৈছে লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, কল্যাণ সিং, উমা ভাৰতী, বিনয় কাটিয়াৰ, সাধ্বী ঋতংভৰা, মহন্ত নৃত্য গোপাল দাস, ডা০ ৰামবিলাস বেদান্তী, চম্পট ৰায়, মহন্ত ধৰ্মদাস, সতীশ প্ৰধান, পৱন কুমাৰ পাণ্ডে, লল্লু সিং, প্ৰকাশ শৰ্মা, বিজয় বাহাদুৰ সিং, সন্তোষ ডুবে, গান্ধী যাদৱ, ৰামজী গুপ্তা, ব্ৰজভূষণ চৰণ সিং, কমলেশ ত্ৰিপাঠী, ৰামচন্দ্ৰ খত্ৰী, জয় ভগৱান গোয়েল, ওম প্ৰকাশ পাণ্ডে, অমৰ নাথ গোয়েল, জয়ভান সিং পাৱেয়া, মহাৰাজ স্বামী সাক্ষী, বিনয় কুমাৰ ৰায়, নবীন ভাই শুক্লা, আৰ এন শ্ৰীবাস্তৱ, আচাৰ্য ধৰ্মেন্দ্ৰ দেৱ, সুধীৰ কুমাৰ কক্কৰ আৰু ধৰ্মেন্দ্ৰ সিং গুৰ্জৰ।

আনহাতে বিভিন্ন কাৰণত মৃত্যু ঘটা অইন ১৭ জন অভিযুক্ত আছিল অশোক সিংঘাল, গিৰিৰাজ কিশোৰ, বিষ্ণু হৰি ডালমিয়া, মোৰেশ্বৰ চাৱে, মহন্ত অবৈদ্যনাথ, মহামণ্ডলেশ্বৰ জগদীশ মুনি, বৈকুণ্ঠ লাল শৰ্মা, পৰমহংস ৰামচন্দ্ৰ দাস, ডা০ সতীশ নাগৰ, বালাচাহেব থাকৰে, ডিবি ৰায়, ৰমেশ প্ৰতাশ সিং, হৰগোবিন্দ সিং, লক্ষ্মী নাৰায়ণ দাস, ৰাম নাৰায়ণ দাস, বিনোদ কুমাৰ বঞ্চল আৰু ৰাজমাতা সিন্ধিয়া।