আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্মদিন। ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্মগ্ৰহণ কৰা ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্মদিনটোত মহান শিল্পীগৰাকীক সশ্ৰদ্ধাৰে সুৱঁৰিছে অসমীয়াই। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠৰ স্মৃতিত আয়োজন কৰা হৈছে অনুষ্ঠানৰ।
ইফালে আজিৰ এই বিশেষ দিনটোত সুধাকণ্ঠৰ সমাধিৰ পৰিবৰ্তে নিজৰ আবাসগৃহতে শিল্পীগৰাকীক স্মৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে মুখ্যমন্ত্ৰীয়ে।
তাৰ পিছতে চচিয়েল মিডিয়াত পোষ্ট কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে, “জীৱন সিন্ধু বহু বিন্দুৰে হয়, যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। আমাৰ সকলোৰে হিয়াৰ আমঠু সুধাকণ্ঠ ভূপেনদাৰ আজি ওপজা দিন। ‘ভাৰতৰত্ন’ৰে সন্মানিত ড: ভূপেন হাজৰিকাদেৱৰ অসমৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰলৈ যি অৱদান সেয়া হয়তো পুনৰাই দোহৰাৰ প্ৰয়োজন নাই। চিৰ প্ৰবহমান লুইতৰ দৰেই তেখেতৰ সৃষ্টিৰাজি অসমৰ প্ৰতিগৰাকী লোকৰ ধমনীত প্ৰবাহিত হৈ থাকিব যুগ যুগ ধৰি। চিৰপ্ৰোজ্জ্বল ব্যক্তিসত্তাৰে সমাজ-সংস্কৃতিক প্ৰাণৱন্ত কৰা এইগৰাকী বিশ্ববৰেণ্য ব্যক্তিত্বক আজি ৯৫সংখ্যক ওপজা দিনত শ্ৰদ্ধাৰে সেৱা জনালোঁ।”