আজি মহা নৱমী, মণ্ডপে মণ্ডপে ভক্তৰ ভিৰ

69

ডিজিটেল ডেস্ক: আজি মহা নৱমী৷ হিন্দু সম্প্ৰদায়ৰ ধর্মীয় উৎসৱ শাৰদীয় দুর্গাপূজাৰ আজি চতুর্থ দিন৷ আজি দেৱী দুৰ্গাৰ আৰাধনাত যজ্ঞ আয়োজনৰো পৰম্পৰা আছে। কিন্তু এইবাৰ কোৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে বহু শক্তিপীঠে যজ্ঞ অনুষ্ঠিত নকৰে।

শাস্ত্ৰত উল্লেখ থকা মতে, ৰামচন্দ্ৰই লংকা অধিপতি ৰাৱণ বধ কৰাৰ সময়ত নৱমী তিথিত ১০৮টা পদুম ফুল দি দেৱী দুৰ্গাক পূজা কৰিছিল। সেই পৰম্পৰা আজিও ৰক্ষা হৈ আহিছে। মহানৱমীৰ দিনটোত ভক্তই মা দুৰ্গাৰ শ্ৰীৰণত পুস্পাঞ্জলি অৰ্পণ কৰি দেশ, স্বাস্থ্য, জাতিৰ মংগলৰ বাবে প্ৰাৰ্থনা জনায়।

ব্যতিক্ৰম নহয় এইবাৰো। কোভিড পৰিস্থিতিৰ বাবে এইবাৰ পূৰ্বৰ দৰে ভক্তৰ ভিৰ দেখা পোৱা নগ’লেও কোভিড প্ৰট’কল মানি ওলাই আহিছে ভক্ত, দৰ্শনাৰ্থী। বিনাশ হওঁক অপশক্তিৰ, জীপাল হৈ উঠক পুনৰ ধৰণী, তাৰেই কামনা সকলোৰে।