৪ অক্টোবৰত অনুষ্ঠিত হবলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বান্দন সোনোৱালে আজি দাখিল কৰিব মনোনয়ন পত্ৰ। সোনোৱালৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰাই।
উল্লেখ্য যে, ৪ অক্টোবৰৰে বিয়লি ঘোষণা কৰা হব উপ নিৰ্বাচনৰ ফলাফল। আনহাতে এই উপ নিৰ্বাচনত অসমৰ একমাত্ৰ আসনখনৰ পৰা কংগ্ৰেছ মিত্ৰজোঁটে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ ইংগিত দিছে। এনে পৰিপ্ৰেক্ষিতত সোনোৱাল বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী হোৱাৰ সম্ভাৱনা অধিক।