আজি বৰদিন

30

আজিৰ এই পৱিত্ৰ দিনটোতে ৰাজ্যৰ খ্ৰীষ্টান ধৰ্মীয় লোকসকলে অতি উলহ-মালহেৰে উদযাপন কৰিছে বৰদিন । ৰাতি ১২ বজাৰ পৰাই ৰাজ্য়ৰ প্ৰতিটো প্ৰান্তৰ গীৰ্জাঘৰত শুনিবলৈ পোৱা গৈছিল কেৰ’লৰ ধ্বনি ।খ্ৰীষ্টান ধৰ্মীয় লোকসকলে বিশ্বাস কৰে যে, আজিৰ দিনটোতে যীশুখ্ৰীষ্টৰ জন্ম হৈছিল । যীশুখ্ৰীষ্টক সেৱা জনাই তেখেতৰ জন্মদিনটোৰ উপলক্ষে আজিৰ দিনটোত পালন কৰা অহা হৈছে বৰদিন ।ৰঙীন লাইটেৰে সজাই তোলা হৈছে চহৰসমূহো । এক কথাত মঙলবাৰে নিশা সমগ্ৰ ভাৰতৰ চহৰসমূহ ৰঙীন লাইটৰ পোহৰেৰে জিলিকি উঠে, যাৰ ফলত বৰদিন উদযাপনৰ বাবে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।কেৱল অসমতে নহয় উত্তৰ-পূব ভাৰতৰ আন ৰাজ্য কেইখনৰ লগতে ভাৰতৰ প্ৰতিটো প্ৰান্ততে অতি অনন্দৰে উদযাপন কৰা হৈছে খ্ৰীষ্টমাছ ।