আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী…

77

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো আজি জন্ম দিৱস। ১৯০৪ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম দিৱসত দিল্লীৰ বিজয় ঘাটত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শাস্ত্ৰীৰ দুই পুত্ৰ সুনীল শাস্ত্ৰী আৰু অনিল শাস্ত্ৰীয়েও পিতৃৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, ‘লাল বাহাদুৰ শাস্ত্ৰী অতি বিনয়ী আৰু দৃঢ় মনৰ আছিল। তেওঁ সৰলতাৰে জীৱন পাৰ কৰিছিল আৰু দেশৰ কল্যাণৰ হকে কাম কৰিছিল। তেওঁৰ জন্ম জয়ন্তীত আমি তেওঁক গভীৰ কৃতজ্ঞতাৰে স্মৰণ কৰিছো আৰু তেওঁ ভাৰতৰ বাবে কৰি যোৱা সকলোখিনিৰ বাবে শলাগ লৈছো।’