আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব বিশ্বৰ দীৰ্ঘতম হাইৱে’ সুৰংগ ‘অটল সুৰংগ’

89

ডিজিটেল ডেস্কঃ পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম হাইৱে সুৰংগটোৰ আজি উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। হিমাচল প্ৰদেশৰ ৰোটাঙত আজি উদ্বোধন কৰিব লগা এই সুৰংগটোৰ ফলত মানালি আৰু লেহৰ মাজৰ দূৰত্ব প্ৰায় ৪৬ কিলোমিটাৰ হ্ৰাস পাব বুলি জানিব পৰা গৈছে। যাৰ ফলত যাতায়তৰ সময় পূৰ্বৰ তুলনাত ৫ ঘণ্টাও হ্ৰাস পাব।

সমুদ্ৰ পৃষ্ঠৰ পৰা ১০ হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা ৯.০২ কিলোমিটাৰ দৈৰ্ঘৰ এই সুৰংগৰ জৰিয়তে মানালি আৰু লাহুল-স্পিতি উপত্যকাৰ মাজতো যোগাযোগ সৃষ্টি হৈছে। বিশ্বৰ এই দীৰ্ঘতম সুৰংগটোৰ নাম দিয়া হৈছে অটল অটল সুৰংগ। উল্লেখ্য যে, পূৰ্বে হিমপাতৰ ফলত বছৰৰ প্ৰায় ৬ মাহ লাহুল-স্পিতি ভেলীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছিল। কিন্তু অটল সুৰংগ নিৰ্মাণৰ পিছত যোগাযোগ বিচ্ছিন্ন নহয় বুলি দাবী কৰা হৈছে।

আনফালে অটল সুৰংগই লাহুল-স্পিতি উপত্যকাৰ সৈতে সংযোগ স্থাপন কৰাৰ উপৰিও পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব দাবী কৰা হৈছে। এই সুৰংগটোৰ মাজত প্ৰকৃতিৰ নৈসৰ্গিক শোভা উপভোগৰ বাবে ভিউ পইণ্টো থাকিব। উল্লেখ্য যে, ১০ বছৰৰ অন্তত অটল সুৰংগৰ কাম সম্পূৰ্ণ হৈছে।