আজি প্ৰকাশ পাব কোভিডৰ নতুন SOP; প্ৰত্যাহাৰ হব সান্ধ্য আইন

124

গুৱাহাটীঃ ৰাজ্যৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছতে আজি প্ৰকাশ পাব কোভিডৰ নতুন এছঅ’পি। নতুন এছঅ’পি জাৰি কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত ৰাজ্যত সকলো জিলাৰ পৰা সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়া মতে, নতুন এছঅ’পিত বিয়লি ৪ বজালৈকে দোকান-পোহাৰ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হব। আনহাতে সন্ধিয়া ৫ বজাৰ পৰা বলবৎ হব সান্ধ্য আইন। কিন্তু লখিমপুৰ আৰু গোলাঘাট জিলাত বৰ্তমানো কোভিডৰ ভয়াবহতাৰ আশংকা কৰি দিনৰ ১ বজালৈকেহে দোকান পোহাৰসমূহ খোলা ৰখাৰ অনুমতি প্ৰদান কৰা হব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিস্থিতি নিয়ন্ত্ৰিত হৈ থাকিলে ৭ আগষ্টৰ পৰা সকলো জিলাত সান্ধ্য আইন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰা হব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

ইফালে কোভিড পৰিস্থিতি বৰ্তমানৰ দৰে থাকিলে অহা ১৬ আগষ্টৰ পৰা আন্তঃজিলা যাতায়তত অনুমতি প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। লগতে ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত স্নাতকোত্তৰ শ্ৰেণী, স্নাতক চূড়ান্ত শ্ৰেণী, দ্বাদশ আৰু দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।