আজি পুনৰ দিল্লীত প্ৰতিবাদী কৃষকৰ দল উপস্থিত

69

আজি পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব প্ৰতিবাদী কৃষকৰ দল।আজি বিয়লী পঞ্জাৱৰ ১০১ জনীয়া এটা কৃষকৰ দল দিল্লীৰ অভিমুখে ৰাওনা হ’ব। শম্ভু সীমান্তত প্ৰশাসনে গঢ়ি তোলা কটকটীয়া নিৰাপত্তাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰতিবাদী কৃষকৰ দলটোৱে। শুকুৰবাৰে কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যাত্ৰা পিছুৱাই দিছিল। শনিবাৰেও কৃষকসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত শম্ভু সীমান্তত প্ৰতিবাদ আব্যাহত ৰাখিছিল। উল্লেখ্য যে, দিল্লীলৈ কৃষকৰ পদযাত্ৰাৰ পৰিপ্ৰেক্ষিতত দিল্লী-হাৰিয়ানা শম্ভু সীমান্তত নিৰাপত্তা কটকটীয়া কৰা হৈছে।