আজি নন্দোৎসৱ

155

আজি নন্দোৎসৱ, বোকা খেলি আনন্দ কৰিব ৰাজ্যবাসীয়ে।
অসমৰ ভিন্ন প্ৰান্তত এই বোকা খেল অনুষ্ঠিত হয় যদিও নগাঁৱৰ বটদ্ৰৱা সত্ৰ, বৰপেটা সত্ৰ, দক্ষিণ কামৰূপৰ ৰাজপুখুৰী সত্ৰ আদিত পালন কৰা নন্দোৎসৱ অন্যতম।এই দিনটোত কীৰ্তন ঘৰৰ চোতালৰ মাটি চহাই বোকা কৰি ৰাইজে বোকাত লুতুৰী- পুতুৰী হৈ নৃত্য কীৰ্তন কৰে। জন্মাষ্টমী উদযাপনৰ পাছতেই আজি সমগ্ৰ দেশে পালন কৰিব নন্দোৎসৱ। ঠাইভেদে নাম বেলেগ বেলেগ আৰু উদযাপনৰ পদ্ধতি বেলেগ হ’লেও কৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা এই নন্দোৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জন্ম আৰু জাতকৰ্মক লৈ সমগ্ৰ অসমত তিনিটা উৎসৱ পালন কৰ হয়। সেয়া- জন্মাষ্টমী, নন্দোৎসৱ আৰু পঁচতি। পৰম্পৰা অনুসৰি জন্মাষ্টমীৰ পিছদিনা পুৱাৰে পৰা সত্ৰ নামঘৰত অনুষ্ঠিত হয় নন্দোৎসৱ। এই দিনটোত পেক যাত্ৰা কৰে বা বোকা খেলে।