ঋতু পৰ্ণ শৰ্মা, নগাওঁ: ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ১২ মাৰ্চৰ পুৱা ১০ বজাৰ পৰা নগাঁও ন্যায়িক আদালতত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ’ব বুলি জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মৃণাল নেওপানীয়ে জনাইছে ।
এই ৰাষ্ট্ৰীয় আদালতত ফৌজদাৰী,দেৱানী,পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰ,মটৰ দুৰ্ঘটনা সংক্ৰান্তীয় গোচৰ,চেক বাউঞ্চৰ আদি বিভিন্ন গোচৰ ব্যয়হীন ভাৱে,খৰতকীয়াকৈ নিস্পত্তিৰ ব্যৱস্থা কৰা হ’ব । তদুপৰি বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল,বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিস্পত্তিৰ ব্যৱস্থা কৰা হ’ব ।
জিলা ৰাইজৰ সুবিধাৰ্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই সম্পৰ্কত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিবে নগাঁও ন্যায়িক আদালতৰ চতুৰ্থ মহলাৰ ৬৩ নং কক্ষত বা জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব মৃণাল নেওপানী বা কাৰ্যালয়ৰ ৬৯০১২৮১৬৪২ নম্বৰত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে ।
