আজি ডেৰ বছৰৰ মূৰত পুনৰ যাত্ৰা আৰম্ভ “কলংপাৰ পেছেঞ্জাৰ”ৰ

145

ঋতু পৰ্ণ শৰ্মা,নগাঁও :- সুদীৰ্ঘ ডেৰ বছৰৰ পাছত পুনৰ যাত্ৰা আৰম্ভ কৰিব “কলংপাৰ পেছেঞ্জাৰ” ৰে’ল গাড়ীখনে । প্ৰতিদিনে কাহিলীপুৱাতে মৰিগাঁও জিলাৰ মৈৰাবাৰী ৰে’ল ষ্টেচনৰ পৰা গুৱাহাটীলৈ ৰাওনা হোৱা “কলংপাৰ পেছেঞ্জাৰ” ৰে’লখনৰ চলাচল বিগত ২০২০চনৰ মাৰ্চ মাহৰ পৰাই বন্ধ কৰি দিছিল উত্তৰ -পূব সীমান্ত ৰে’লৱে বিভাগে ।

মূলতঃ ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ বাবেই ৰে’ল বিভাগে ৰে’লখনৰ যাত্ৰা বন্ধ কৰিছিল । যাৰ ফলত নগাঁও আৰু মৰিগাঁও জিলাৰ জনসাধাৰণ ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল । মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ ১০৩.৬ কিল’মিটাৰ দৈৰ্ঘ্যৰ এই ৰে’ল পথটোত যাত্ৰাৰ সময় লাগিছিল মাত্ৰ ২ ঘণ্টা ৫২ মিনিট । কিন্তু এই ৰে’লযাত্ৰা অতি সুচল আৰু নিৰাপদ আছিল । লগতে মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ ভাড়া আছিল মাত্ৰ ৪০ টকা। যিটো সময়ত গুৱাহাটীলৈ ধিং-মৈৰাবাৰীৰ পৰা বাছভাড়া ১৫০-২০০ টকা সেইসময়ত এই “কলংপাৰ পেছেঞ্জাৰ” ৰে’লখনে দুখীয়া, নিম্ন মধ্য বিত্ত পৰিয়ালৰ লোকসকলক যথেষ্ট পৰিমাণে সকাহ দিছিল ।

সুদীৰ্ঘ ডেৰ বছৰৰ মূৰত ৰে’ল কৰ্তৃপক্ষই মৈৰাবাৰী-গুৱাহাটী ব্ৰডগজ ৰে’লপথত পুনৰ “কলংপাৰ পেছেঞ্জাৰ” ৰে’লখন চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰাত নগাঁও-মৰিগাঁও জিলাৰ জনসাধাৰাণ উৎফুল্ল হৈ পৰিছে । উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই জনোৱা অনুসৰি অহা ১১ছেপ্টেম্বৰ, শনিবাৰে বিয়লি ৫ঃ৩০ বজাত কলংপাৰ পেছেঞ্জাৰ ৰে’লখনে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি নগাঁও চহৰৰ হয়বৰগাঁও ষ্টেচন হৈ মৈৰাবাৰী ষ্টেচনলৈ আহিব ।

আনহাতে ১২ ছেপ্টেম্বৰ,দেওবাৰে পুৱা ৫ঃ৩০ বজাত মৈৰাবাৰীৰ পৰা নগাঁও চহৰৰ হয়বৰগাঁও ষ্টেচন হৈ গুৱাহাটীলৈ আহিব । ৰে’ল বিভাগে ৰে’লপথত থকা ২৮টা ষ্টেচন সাজু কৰি তোলাৰ লগতে পৰিষ্কাৰ কৰা হৈছে ।