আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

408

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো পুৱাৰে পৰা বিৰাজ কৰিছে আধ্যাত্মিক পৰিবেশ। হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ বতাহ। বটদ্ৰৱা থানত গুৰুজনাৰ তিৰোভাৱ তিথি উৎসৱটি “গুৰু কীৰ্তন” নামেৰে দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। আজি পুৱাৰে পৰা ভকত বৈষ্ণৱ, আইমাতৃ সকলে সমগ্ৰ সত্ৰ পদক্ষিন কৰি উষা কীৰ্তন কৰা পৰিবেশে সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে।