আজি গায়িকা লতা মংগেশকাৰ মৃত্যু বাৰ্ষিকী। লতা মংগেশকাৰে তেওঁৰ সুন্দৰ কণ্ঠৰে মানুহৰ হৃদয় জয় কৰিছিল। আনকি মৃত্যুৰ পাছতো অনুৰাগীসকলে তেওঁৰ গান শুনিলে উত্ৰাবল হৈ পৰে। উল্লেখযোগ্য যে ৬ ফেব্ৰুৱাৰীত লতা মংগেশকাৰৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়।কিংবদন্তি গায়িকা তথা ভাৰত ৰত্ন বঁটা বিজয়ী লতা মংগেশকাৰে ২০২২ চনৰ ৬ ফেব্ৰুৱাৰীত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰিছিল।১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ জ্যেষ্ঠ কন্যা লতাজীয়ে জন্মগ্ৰহণ কৰিছিল।১৯৪৭ চনত চিত্ৰ নিৰ্মাতা বসন্ত যোগলেকাৰে নিজৰ ছবি আপকী সেৱা(ছেৱা)ত লতাজীক এটা গীত গাবলৈ সুযোগ দিয়ে। গীতটোৰ লগে লগে লতাজীৰ মধুৰ কণ্ঠৰ বিষয়েও চৰ্চা হ’ল।৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন-পালন মহাৰাষ্ট্ৰত কৰা হয়।সংগীত জীৱনত লতাজীয়ে ছত্ৰিশটাতকৈও অধিক ভাৰতীয় ভাষা আৰু কেইটামান বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছিল।লতাজীয়ে তেওঁৰ কৰ্মজীৱনত কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
