আজি গণেশ চতুৰ্থী। ধৰ্মীয় মান্যতা অনুসৰি, এই দিনটোত ভগৱান গণেশক পূজা কৰিলে শুভ ফল পোৱা যায়। গণেশে ভক্তৰ জীৱন সুখ- সমৃদ্ধিৰে ভৰাই তোলে।এইবাৰ গণেশ চতুৰ্থীৰ সময়ত বহু শুভ সংযোগ ঘটিছে, যাৰ ফলত পূজাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। বহু ভক্তই এই দিনটোত ব্ৰতত থাকি গণেশক পূজা আগবঢ়ায়।পঞ্জিকা অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী ১ ফেব্ৰুৱাৰী শনিবাৰৰ পুৱা ১১:৩৮ বজাৰ পৰা আৰম্ভ হৈছে। এই চতুৰ্থীক পূজাৰ অভিজিৎ মূহুৰ্ত দুপৰীয়া ১২.০৮ বজাৰ পৰা ১২.৪৮ বজালৈ চলিব। ৰবি যোগ চলিব পুৱা ৭.১৪ বজাৰ পৰা নিশা ১০.২২ বজালৈ।ধৰ্মীয় মান্যতা অনুসৰি, এই দিনটোত ব্ৰত ৰাখি ভগৱান গণেশৰ পূজা কৰিলে ভাল ফল পোৱা যায়। এই দিনটোত ভগৱান গণেশক পূজা কৰিলে জ্ঞান আৰু সমৃদ্ধি পোৱা যায়। এই ব্ৰত সন্তান জন্মৰ বাবেও অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়।
