আজি ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীৰ পূজা, ৰাজ্যজুৰি চলিছে প্ৰস্তুতি

102

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ আৰাধনাৰ দিন। মা লক্ষ্মীৰ পূজা কৰিবলৈ ব্যস্ত হৈ পৰিছে ভক্তসকল। ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি মুখৰিত হ’ব ৰাজ্যৰ আকাশ-বতাহ। আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো প্ৰান্তত। ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই আগবঢ়াই প্রাৰ্থনা ৰাইজৰ।

হিন্দু ধর্মৰ মতে লক্ষ্মী দেৱীৰ আশীৰ্বাদত অভাৱ-অনাটন, শোক সন্তাপ, অপায়-অমংগল দূৰ হয় আৰু সুখ-শান্তিৰে উপচি পৰে। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাতি মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দিনপঞ্জী মতে পাৰম্পৰিক ভাবে শাৰদ পূৰ্ণিমা অৰ্থাৎ আহিন মাহৰ পূৰ্ণমা তিথিত এই পূজা পালন কৰে। কাতি মাহত অনুষ্ঠিত লক্ষ্মী পূজা দেৱালীৰ তৃতীয় দিনা উদযাপিত হয়। ইয়াক দিপাৱলীৰ মুখ্য অনুষ্ঠান হিচাপেও গণ্য কৰা হয়। এই দিনা পূব ভাৰতৰ অঞ্চল সমূহত কালী পূজা অনুষ্ঠিত হয়। লক্ষ্মী দেৱী হিন্দুসকলৰ ত্ৰিদেৱী সমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। জনবিশ্বাস মতে পূজাৰ দিনা লক্ষ্মী দেৱী তেওঁৰ ভক্ত সকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে। লক্ষ্মী দেৱীক আদৰিবলৈ ভক্ত সকলে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে, ফুল আৰু পোহৰেৰে নিজৰ ঘৰ আলোকিত কৰে, বিভিন্ন প্ৰকাৰৰ মিষ্টান্ন আৰু ভোগ ৰান্ধে।

ভক্তসকলে বিশ্বাস কৰে যে তেওঁলোকে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব পাৰিলে তেওঁলোকে দেৱীৰ কৃপা লাভ কৰে। আজিৰ দিনটোত নিশাৰ আহাৰত মানুহে ভাত নাখায়। মহিলাসকলে আল্পনা আঁকি লক্ষ্মী পূজা পাতে। লক্ষ্মী পূজাত লক্ষ্মী চৰিত আৰু পাঁচালী পাঠ কৰা হয়। ঠাই বিশেষে লক্ষ্মী পূজাৰ নীতি-নিয়মৰ পাৰ্থক্য পৰিলক্ষিত হয়। ভক্তপ্ৰাণ ৰাইজে আজি মা লক্ষ্মীক সেৱা জনায় গাব ‘ওম নমস্তে সৰ্বভূতানাং বৰোদাশি হৰিত্ৰেয়ে/জাগতিস্তং প্ৰপন্বায়াং সামেতুয়াৎ ত্বদৰ্চনাৎ/ওম বিশ্ব ৰূপস্য ভাৰ্যাসী পদ্মে পদ্মালয়ে শুভে/সৰ্বাতঃ পাহি মাং দেৱী/মহালক্ষ্মী মনস্তুতে।’ লক্ষ্মী দেৱীৰ কৃপাত সকলোৰে জীৱনত সুখৰ ঢল বোৱাৰ কামনা ভক্তপ্ৰাণ লোকৰ।