আজি আদালতত হাজিৰ কৰোৱা হব ৰাজকণ্যা বৰুৱাক

84

মহানগৰীৰ ৰাজপথত সুৰাসক্ত অৱস্থাত গাড়ী চলাই ৮ জনকৈ শ্ৰমিকক আহত কৰা মডেল ৰাজকণ্যা বৰুৱাক আজি হাজিৰ কৰোৱা হব আদালতত।

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰি অসুস্থতাৰ নাটক কৰি GNRCত চিকিৎসাধীন হৈ থকা ৰাজকণ্যাক বুধবাৰে পুনৰ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। মেডিকেল বোর্ডৰ স্বাস্থ্য পৰীক্ষাত অভিযুক্ত মডেল ৰাজকণ্যা সম্পূৰ্ণ সুস্থ বুলি পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁক।