আজি অসমলৈ আহিব ইছৰ’ৰ মুৰব্বী শ্ৰীধৰ সোমনাথ

366

আজি অসমলৈ আহিব ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ডঃ শ্ৰীধৰ পানিকাৰ সোমনাথ৷ তেওঁ নতুনকৈ স্থাপন হোৱা প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। মহানগৰৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি আবেলি ৩ বজাত ইছৰ’ৰ অধ্যক্ষ ডঃ সোমনাথে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিব।

প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চন্দ্ৰযান-৩ৰ সফলতাৰ বিজয় উৎসৱ তথা ইছৰ’ৰ দ্বাৰা আদিত্য এল১ৰ সূৰ্যমুখী অভিযান উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ইছৰ’ৰ অধ্যক্ষ ডঃ সোমনাথক সম্বৰ্ধনা জনোৱা হ’ব বুলি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক ড° যোগেশ কাকতিয়ে জানিবলৈ দিয়ে৷

উল্লেখ্য যে, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে ২০২৪ -২৫ বৰ্ষৰ পৰা নিৰ্ধাৰিত সকলো বিষয়তে স্নাতক, স্নাতকোত্তৰ আৰু পিএইচডি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে৷ বিশ্ববিদ্যালয়খনে বৰ্তমান গুৱাহাটীৰ গীতানগৰস্থিত বিশ্ববিদ্যালয়ৰ চৌহদত পাঠদান অব্যাহত ৰাখিছে আৰু অহা শিক্ষাবৰ্ষৰ পৰা ইয়াৰ মূলকেন্দ্ৰ চন্দ্ৰপুৰৰ হাজংবৰীত স্থায়ীভাৱে শিক্ষাদান আৰম্ভ কৰিব।