আজি অসমলৈ আহিছে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

91

আজি অসমত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ। তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীক বৰঝাৰ বিমানবন্দৰত আদৰণি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল জগদীশ মুখীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে। তাৰ পিছত কামাখ্যা মন্দিৰ দৰ্শনলৈ যায় ৰাষ্ট্ৰপতি কোৱিন্দে। তাৰ পিছতে তেওঁ ৰাজভৱনত দিনৰ আহাৰ গ্ৰহণ কৰে।

বিয়লি তেওঁ কলাক্ষেত্ৰত অনুষ্ঠিত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া বৰ্ষজোৰা অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।

২৭ ফেব্ৰুৱাৰী পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰাৰ কথা ৰাষ্ট্ৰপতিগৰাকীয়ে।