আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে বিজনী আৰক্ষীৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা মুলক সমদল

165

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আজি বিজনীত বিজনী আৰক্ষীৰ উদ্যোগত এক সজাগতামুলক সমদল উলিওৱা হয়।বিজনী থানাৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বিজনী চহৰ পৰিভ্ৰমণ কৰি পুনৰ বিজনী থানাত সামৰণি মাৰে। উক্ত কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তা, মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত থকাৰ লগতে বিজনীৰ আৰক্ষী, চিআৰপিএফ, গাঁওৰক্ষী বাহিনীৰ লোক অংশগ্ৰহণ কৰে।