ষ্টাফৰিপৰ্টাৰ,১ জুন : সদৌ সাঁচি খেতিয়ক সন্থা অসমৰ নেতৃত্বত আৰম্ভ কৰা হৈছে সাঁচি গছৰ জৰীপ অভিযান । এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে জনাইছে সন্থাৰ সম্পাদক বিকাশ বৰাই । উল্লেখ্য বহু বছৰ ধৰি এক স্পষ্ট আৰু বলিষ্ঠ সাঁচি নীতিৰ অভাৱৰ ফলত অসম তথা উত্তৰ পূবৰ সাঁচি খেটিয়কৰ অমূল্য সম্পদৰ এখন বৃহৎ আন্ত:ৰাষ্ট্ৰীয় বজাৰ থকা স্বত্বেও ব্যৱসায়ৰ দিশটো বৈধ ভাৱে ত্বৰান্বিত হোৱা নাই।অসমৰ সাঁচি বনজ সম্পদৰ অন্তৰ্গত হোৱাৰ ফলস্বৰূপে ১৯৯৪ চনৰ পৰা সাঁচি ব্যৱসায় আন্তৰাষ্ট্ৰীয় আইনৰ মেৰপাকত সোমাই পৰে। ফলস্বৰূপে Convention of International Trade in Endangered Species of Wild Fauna and Flora (CITES) namar আন্তৰ্জাতিক সংস্থাই ভাৰতবৰ্ষৰ পৰা বৈধ ভাৱে সাঁচি ৰপ্তানিৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰে। বহু হাজাৰ কোটি টকাৰ বৃহৎ সাঁচি ৰজাৰ খন অবৈধ আৰু বিশৃংখলতাৰে চলাই থকাৰ ফলত কেঁচা সামগ্ৰীৰ উপৰত কৃষকৰ নিয়ন্ত্ৰন নথকাৰ উপৰিও চৰকাৰী ৰাজ কোষত ধন জমা হোৱাৰ পথ বন্ধ হৈ পৰে। ইতিমধ্যে সদৌ সাঁচি খেতিয়ক সংস্থা অসম (চমুকৈ আচগা ৰ) নেতৃত্বত
অসমৰ সাঁচি খেটিয়কৰ বাৰীত যে অপৰ্যাপ্ত সাঁচি গছ আছে আৰু সাঁচিৰ ৰপ্তানি দিশত কোনোধৰণৰ প্ৰভাৱ নপৰে বুলি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক বহুবাৰ স্মাৰাকপত্ৰ প্ৰদান কৰি স্পষ্ট কৰে আচগাই ।
সমান্তৰাল ভাৱে সাঁচি ব্যবসায়ক চৰকাৰে বৈধতা প্ৰদান কৰিলে লাখ লাখ সাঁচি খেতিয়কে প্ৰত্যক্ষ ভাবে চাহ শিল্পৰ দৰে বৈদেশিক মুদ্ৰা অৰ্জন কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল হব আৰু ভয়াবহ ৰূপ ধাৰণ কৰা নিবনুৱা সমস্যা সমাধানৰ পথ প্ৰশস্ত হব বুলি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সদৰি কৰে হৈ সন্থাৰ সাধাৰণ সম্পাদক বিকাশ বৰাই । ইফালে ৬ মাৰ্চত আচগাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু সদৌ সাঁচি ব্যৱসায় সংস্থা (চমুকৈ আতা)ৰ অধ্যক্ষ ঋষিৰাজ হাজৰিকাৰ নেৃত্বতত যোৱা এক সজাতি দলে কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্তালয়ত প্ৰদান কৰা এক পত্ৰ যোগে অসমৰ সাঁচি ৰ ওপৰত প্ৰকৃত জৰীপ কৰা আৰু তাৰ আধাৰত স্পষ্ট সাঁচি ৰপ্তানি নীতি প্ৰৱৰ্তন কৰিবলৈ টানি অনুৰোধ জনাই। শেহতীয়া ভাৱে ১৪ মে’ত ভাৰতীয় বন গবেষণা আৰু শিক্ষামূলক প্ৰথিস্থান (Indian Council of Forestry Research &Education) তৰফৰ পৰা আৰু যোৰহাটত অৱস্থিত বৰ্ষাৰন্য গবেষণা কেন্দ্ৰৰ সঞ্চালক প্ৰধান আৰ, এছ, চি জয় ৰাজৰ (IFS) স্বাক্ষৰিত (পত্ৰ No GCR/2019/2-248/NDF-Agar/124) পত্ৰ যোগে সাঁচি খেতিয়কৰ বাৰিত থকা সাঁচি গছ সমূহৰ ওপৰত এক অধ্যয়ন চলাবলৈ ব্যবস্থা গ্ৰহণ কৰে। সমগ্ৰ অধ্যয়ন পদ্ধতি NDF (Non detrimental Findings) ৰূপ জনা যায়। অসমৰ সাঁচি খেতিত সম্পূৰ্ণ গছৰ অবস্থান পোৱাৰ পাছত ৰপ্তানি বাণিজ্যৰ পথ প্ৰশস্তৰ লগতে খেতিয়কৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰিবৰ বাবে শুদ্ধ এক জৰিপৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ইতিমধ্যে বিশ্ব বিয়াপি কৰুণা মহামাৰীৰ আতংকৰ মাজত প্ৰত্যেকজন খেতিয়কক যোগাযোগ কৰিবলৈ অসুবিধাৰ সন্মুখীন হোৱাত অনলাইন যোগে প পত্ৰ ব্যৱস্থা কৰা হৈছে । এই পত্ৰ আচগাৰ নিজা ৱেবচাইট www.asgaa.in অত উপলব্ধ হব। গতিকে আচগাৰ তৰফৰ পৰা সকলোৰে সুবিধাৰ্থে প্ৰদান কৰা প্ৰত্ৰ খনত থকা সকলো দিশ শুদ্ধ ভাৱে ভৰ্তি কৰি এজন সাঁচি খেতিয়ক হিচাপে গৌৰৱ কৰাৰ লগতে ভৱিষ্যতে চৰকাৰৰ যোগেদি প্ৰণয়ন কৰা আঁচনিৰ পূৰ্ণ সুবিধা গ্ৰহণ কৰিব বাবে টিম্ আচগাই তৰফৰ পৰা আহ্বান জনাইছে।
