ডিজিটেল ডেস্কঃ কালী পূজা, দেৱালীক লৈ দেশজুৰি ব্যাপক উচাহ হিন্দু ধৰ্মাৱলম্বীসকলৰ। কিন্তু তাৰ মাজতে দেশত কোভিড সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত উদ্বেগে দেখা দিছে। দেশত মঙলবাৰৰ পৰা দৈনিক কৰোনা ৰোগীৰ সংখ্যা ১৪ শতাংশ বৃদ্ধি পাইছে। আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যাই কিছু সকাহ দিছে। যোৱা ২৫২ দিনত দেশত সৰ্বনিম্ন সংখ্যক পৰিলক্ষিত হৈছে সক্ৰিয় ৰোগীৰ সংখ্যা।
বুধবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১১,৯০৩ জন লোক। দেশত মুঠ কোৰোনা পীড়িতৰ সংখ্যা হৈছে ৩৪.২ ৯৭ লাখ ৭১৭ জন। ইফালে মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক যদিও মঙলবাৰৰ পৰা কিছু হ্ৰাস পাইছে। দেশত যোৱা ২৪ ঘণ্টাত ৩১১ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে, দেশখনত ৪৫৯,১৯১ জন লোকৰ কোভিডৰ ফলত প্ৰাণহানি হৈছে। যোৱা এদিনত ১৪, ১৫৯ জন লোক সুস্থ হৈছে কোভিডৰ পৰা। এতিয়ালৈকে দেশৰত কোৰোনাৰ পৰা মুঠ ৩৩.৬ নিযুত ৯৭,৭৪০ জন লোক আৰোগ্য হৈছে।
সক্ৰিয় কোৰোনা পীড়িতৰ সংখ্যাতো যথেষ্ট উন্নতি দেখা গৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা এতিয়া ০.৪৪ শতাংশলৈ হ্ৰাস পাইছে। এই মুহূৰ্তত, দেশত সক্ৰিয় কৰোনা ৰোগীৰ সংখ্যা আৰু হ্ৰাস হৈ ১৫১,২০৯ জন হৈছে। এয়া কালিৰ তুলনাত ২৫৬৭ কম। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৫২ দিনত এয়া সৰ্বনিম্ন।
