ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা বিতৰ্কই লগ নেৰে অভিনেত্ৰী কংগনা ৰাণাৱটৰ। সকলো বিষয়তে সৰৱ ভূমিকা পালন কৰি অহা এইগৰাকী অভিনেত্ৰীয়ে কথাৰ মাজত কি কৈ যায় সেয়া হয়তো নিজেও নাজানে। সেইবাবেই বাৰে বাৰে বিতৰ্কৰ মাজত সোমায় পৰিবলগা হয় অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ এইবাৰ বলিউডৰ গীতিকাৰ জাভেদ আখতাৰে কংগনাৰ বিৰুদ্ধে উত্থাপন কৰিছে অভিযোগ।
অন্ধেৰীৰ মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতত গীতিকাৰ জাভেদ আখতাৰে কংগনা ৰাণাৱটৰ বিৰুদ্ধে গোচৰ তৰি অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিবলৈ আহ্বান জনাইছে। আখতাৰে অভিযোগ কৰা মতে, কংগনাই শেহতীয়াকৈ এটা টিভিৰ সাক্ষাৎকাৰত তেওঁৰ বিৰুদ্ধে অপমানজনক আৰু অযুক্তিৰ মন্তব্য কৰিছিল।
আদালতত দাখিল কৰা আবেদনত জাভেদ আখতাৰে কয় যে সুশান্ত সিঙৰ মৃত্যু কাণ্ডত কংগনাই ইচ্ছাপূৰ্বকভাৱে তেওঁৰ নাম টানি আনিছিল। টিভিৰ সাক্ষাৎকাৰত কংগনাই আখতাৰৰ বিৰুদ্ধে অপমানজনক আৰু অশোভনীয় ভিত্তিহীন মন্তব্যও কৰিছিল। কংগনাৰ এনে মন্তব্যই তেওঁৰ সামাজিক প্ৰতিচ্ছবিত আঘাত হানিছে বুলিও মন্তব্য কৰে জাভেদ আখতাৰে। যাৰ বাবে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ তেওঁ দাবী জনায়।
