আকৌ বিতৰ্কত অভিনেত্ৰী কংগনা ৰানৱাট

97

আকৌ বিতৰ্কত অভিনেত্ৰী কংগনা ৰানৱাট। জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হ’ল অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে। বৰ্ষীয়ান গীতিকাৰ জাভেদ আখতাৰে কংগনাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। সেই গোচৰৰ ভিত্তিতে অভিনেত্ৰীগৰাকীক আন্ধেৰীৰ এখন নিম্ন আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল।
কিন্তু আজি নিৰ্দিষ্ট দিনত হাজিৰ নোহোৱাত কংগনাৰ বিৰুদ্ধে জাৰি কৰা হয় গ্ৰেপ্তাৰী পৰোৱানা। বিগত ১ ফেব্ৰুৱাৰীত কংগনাৰ বিৰুদ্ধে চমন জাৰি কৰিছিল ন্যায়াধীশে। সেই চমন অনুসৰি, ১ মাৰ্চত হাজিৰ হ’বলৈ কোৱা হৈছিল। কিন্তু সেই নিৰ্দেশনা অমান্য কৰে অভিনেত্ৰীগৰাকীয়ে।
নৱেম্বৰ মাহত এই গোচৰ ৰুজু কৰিছিল জাভেদ আখতাৰে। তেওঁৰ বিৰুদ্ধে এক আপত্তিজনক মন্তব্য কৰাৰ বাবে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। তেওঁৰ দাবী, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় টেলিভিচনত তেওঁৰ বিৰুদ্ধে মন্তব্য কৰিছিল কংগনাই। ইয়াৰ পিছত জানুৱাৰী মাহত এই গোচৰত নিদৰ বক্তব্য ৰেকৰ্ড কৰিছিল জাভেদ আখতাৰে।