অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত!

175

অৱসৰী শিক্ষকৰ সমস্যা সমাধান হোৱাৰ পথত।

ৰাজ্যৰ সাতাইশ খন জিলাত মুকলি হল পেন্সন সেৱা কেন্দ্র।

দীৰ্ঘদিন ধৰি অৱসৰৰ পাছত পেন্সন লাভৰ ক্ষেত্রত শিক্ষক সকলে ভোগ কৰি অহা সমস্যা দুৰ কৰাৰ বাবে ৰাজ্যৰ ২৭ খন জিলাত পেন্সন সেৱা কেন্দ্র মুকলি কৰা হয়। লখিমপুৰৰ জিলাৰ বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত সংলগ্ন কৰি নিৰ্মাণ কৰা এই সেৱা কেন্দ্রটো উদ্বোধন কৰে অভিভাবক মন্ত্রী সঞ্জয় কিষানে।
উপায়ুক্ত, বিদ্যালয় সমুহৰ পৰিদৰ্শকৰ উপস্থিতিত সেৱা কেন্দ্রটো আনুষ্ঠানিকভাবে উদ্বোধন কৰি মন্ত্রী সঞ্জয় কিষানে শিক্ষা বিভাগত বিষয়া কৰ্মচাৰীৰ অভাৱৰ কথা প্ৰকাশ কৰি অচিৰেই চৰকাৰে এই সমস্যা দুৰ কৰাৰ ব্যবস্থা কৰিব বুলি কয়।

অসম অৰুণাচলৰ সীমা সমস্যাৰ প্ৰসংত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মন্ত্রী গৰাকীয়ে কয়-নামচাইত দুই ৰাজ্যৰ মূখ্য মন্ত্রীৰ আলোচনাৰ উপৰি দুয়ো ৰাজ্যৰ মাজত সমিতি গঠন কৰা হৈছে। এই বিষয়ত কেন্দ্রয়ো শান্তি পূৰ্ণ সমাধানৰ প্ৰয়াস কৰিছে। সঘনাই আলোচনা অনুষ্ঠিত কৰা হৈছে আৰু আগষ্ট মাহতো কেইবালানি আলোচনা অনুষ্ঠিত হব বুলি উল্লেখ কৰি সীমা সমস্যা ৰ সমাধান ত্বৰাম্বিত হব বুলি আশা প্রকাশ কৰে।