ষ্টাফৰিপৰ্টাৰ, পদত্যাগ নহয়, অৱসৰ ল’ব বিধায়ক শিলাদিত্য দেৱে। হোজাইত বিস্ফোৰক মন্তব্য বিজেপি বিধায়কজনৰ। শিলাদিত্য দেৱে কয়, ‘‘৩০ বছৰ বিজেপি কৰি মুখপাত্ৰৰ বাহিৰে একো পোৱা নাই। আমাৰ ভেল্যু নাই। মন্ত্ৰীৰ বাবে ষড়যন্ত্ৰ কৰা নাই। আমাৰ অভিজ্ঞতা আছে, কিন্তু পদবীৰ বাবে লবী কৰা নাই। ১০ মাহ–১ বছৰৰ ভিতৰত মোক হত্যা কৰা হ’ব। গতিকে আঁতৰি যোৱা ভাল বুলি অৱসৰ ল’ম।’’‘মই কোনো দলত যোগদান নকৰো। কিন্তু ৰাইজৰ কাম কৰি যাম। মই অকলে খোজ দিম, যুঁজ দিম, অকলে কাম কৰি যাম। ১৪ জুলাইত অৱসৰ ল’ম ভাৰতীয় জনতা পাৰ্টীৰ পৰা।দলৰ সভাপতিক ৱাটছ এপৰ জৰিয়তে অৱগত কৰিছো। কিন্তু সভাপতিয়ে ফোন উঠোৱা নাই।’’ – ক’লে শিলাদিত্য দেৱে।হোজাইৰ বিধায়কজনে কয় – ‘অসমত লীডাৰ নাই। সকলোৱে লীডাৰ হ’ব বিচাৰে। মই অনফিট গতিকে আঁতৰি যাম। মোনা লৈ ফুৰা ব্যক্তিজনে ধ্বংস কৰিছে বিজেপিক। ৰিপ’ৰ্ট কাৰ্ড অক্টোবৰ মাহত দি দিম। বিধায়ক হিচাপে থকা কৰ্তব্য পালন কৰি যাম। দলত কোনো ধৰণৰ কন্ট্র’ল নাই। মোনা লোৱাজন বহুত শক্তিশালী, তেওঁ অসম বিজেপিত বিভাজন কৰি ৰাখিছে। মোনা লৈ ৰাতি আহি যায় ঠায়ে ঠায়ে। ৰাজেন গোহাঁই, আৰ পি শৰ্মা, ৰমেন ডেকাক হত্যা কৰা হ’ল। এতিয়া মোনা লোৱা ব্যক্তিজনে মোক হত্যা কৰিব।’
Latest article
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...
২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ৬টাকৈ পুৰুষ-মহিলা ক্ৰিকেট দলৰ প্ৰতিদ্বন্দিতা
অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ক্ৰিকেট এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকত প্ৰৱেশ কৰিছে। ছয়টা দলে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।...