অৱশেষত ওলাল কোৰোনাৰ ভেকচিন!

74

ডিজিটেল ডেস্কঃ অৱশেষত উদ্ভাৱন হল মহামাৰী কোৰোনাৰ প্ৰতিষেধক। ব্ৰিটেইনে বুধবাৰে ‘ফাইজাৰ-বায়এনটেক’ নামৰ কোভিড ১৯ ভেকছিন ব্যৱহাৰৰ বাবে অনুমোদন জনোৱাৰ পিছতে ভেকচিন প্ৰয়োগকাৰী বিশ্বৰ প্ৰথম খন দেশ হিচাপে পৰিগণিত হয় ব্ৰিটেইন। এই ভেকচিনৰ টিকাকৰণ আগন্তুক সপ্তাহৰ আৰম্ভণিৰ পৰাই আৰম্ভ কৰা হব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এই ভেকচিনটোৱে বিশ্বব্যাপী সংকটৰ পৰা পৃথিৱীবাসীক স্বাভাৱিক জীৱনলৈ উভতাই আনিব বুলি আশা কৰা হৈছে।