বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত অসম এৰি বিহাৰমুখী হ’ল ডাবাং আৰক্ষী বিষয়া আনন্দ মিশ্ৰ। ১২ বছৰীয়া প্ৰশাসনিক কেৰিয়াৰৰ অন্ত পেলাই বিহাৰত নতুনকৈ জীৱনৰ পাতনি মেলিব আনন্দ মিশ্ৰই। আজি পুৱা ৯ বাজি ১৫ মিনিটত ইণ্ডিগ’ বিমানযোগে নিজ মাতৃভূমিলৈ ৰাওনা হয় আনন্দ মিশ্ৰ।
বিহাৰলৈ ৰাওনা হোৱাৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সন্মুখত আনন্দ মিশ্ৰই কয় ‘‘মই সামাজিক কৰ্মী হিচাপে থাকিম। ভাল মানুহ হৈ থাকিম। এজন মানুহ যিয়ে দেশক ভাল পায় তেনেকুৱা মানুহ হৈ থাকিম। খাকী নিপিন্ধিলেও, যি কাপোৰ নিপিন্ধো কিয় তাত দাগ নাথাকিব।’’
অসম সন্দৰ্ভত আনন্দ মিশ্ৰই কয়, ‘‘অসমৰ পৰা মই বহুত কথা শিকিলো। অসমে মোক বহু কথা শিকালে। অসম মোৰ সদায় গুৰু নিচিনা, মোৰ দ্বিতীয় ঘৰ হৈ থাকিব অসম।’’
দেশজুৰি চৰ্চাত বিহাৰৰ মুখ্যমন্ত্ৰী NDAত যোগদানৰ প্ৰসংগ। তাৰ মাজতে ততাতৈয়াকৈ আনন্দ মিশ্ৰ বিহাৰ গমন। ২৮ জানুৱাৰীত BJPৰ সমৰ্থনত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পাৰে নীতিশ কুমাৰে। বিহাৰৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ মাজতে আনন্দ মিশ্ৰৰ বিহাৰৰ গমনৰ কিবা সংযোগ আছে নেকি? আনন্দ মিশ্ৰই কয় যে ‘‘মই বিহাৰলৈ সামাজিক কাম কৰাৰ বাবে, বিহাৰৰ উন্নয়নৰ কাম কৰাৰ বাবে আৰু সেই কাম কৰাৰ প্লেটফ’ৰ্ম যদি ৰাজনীতি হয়, তেন্তে হ’ব লাগে। তেওঁলোক আমাৰ সমাজৰ অভিভাৱক। আৰু যদি অভিভাৱকে বিচাৰে মই ৰাজনীতিত যোগদান কৰিব লাগে তেন্তে মই সাজু আছো।’’