গুৱাহাটীঃ ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে আটক কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অৰ্ণৱ গোস্বামীৰ আটক গণতন্ত্ৰৰ বাবে ক’লা দিন বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
টুইটযোগে সোণোৱালে সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰি নিকৃষ্ট ৰাজনীতি কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। লগতে অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে মুকলি দি মহাৰাষ্ট্ৰই সংবাদ মাধ্যমৰ স্বাধীনতা বৰ্তাই ৰখা উচিত বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
উল্লেখ্য যে, বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক। আটক কৰিবলৈ অহাৰ সময়ত আৰক্ষীয়ে অৰ্ণৱ গোস্বামী, তেওঁৰ শহুৰ-শাহু আৰু পত্নী-পুত্ৰকো আৰক্ষীয়ে শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে ৰিপাব্লিক টিভিয়ে তেনে ভিডিঅ’ সম্প্ৰচাৰো কৰিছে, য’ত আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক জোৰ জবৰদস্তি কৰা প্ৰত্যক্ষ হৈছে।