অৰুণাচলত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৫ সৰবৰাহকাৰীক আটক

151

অৰুণাচল প্ৰদেশ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ কৰিবলৈ সক্ষম হয় হেৰ’ইন, নগদ ধনসহ ৫ জন ড্ৰাগছ সৰবৰাহকাৰীক৷ আটকাধীন লোক কেইজনৰ ভিতৰত ৩গৰাকী মহিলা আৰু ২ জন যুৱক বুলি জানিব পৰা গৈছে৷

আৰক্ষীয়ে ২১ পেকেট হেৰ’ইন, নগদ ২০ হাজাৰ টকা আৰু চাৰিটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়৷ ইটানগৰৰ নাহৰলগুণ মহকুমা আৰক্ষী বিষয়া আৰু বান্দৰদেৱা আৰক্ষী বিষয়াৰ নেতৃত্বত চলা অভিযানত চাহিদা খাতুন, ফাৰুক আলী, ৰিয়াজুল ইছলাম, চাহিয়া খাতুন আৰু চালিমা খাতুন ধৰা পৰে। আটকাধীন মহিলা কেইগৰাকীয়ে বিগত বহু বছৰ ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল বুলি সন্দেহ কৰা হৈছে।

নগাঁৱৰ পৰা আনিছিল অবৈধ সন্দেহজনক হেৰ’ইন খিনি। প্ৰায় দহ লক্ষাধিক টকা মূল্যৰ হেৰ’ইন তথা সৰবৰাহকাৰী পাঁচগৰাকীক বান্দৰদেৱা আৰক্ষী থানাত ৰখা হৈছে৷ দলটোৱে বান্দৰদেৱাৰ হ’লিদে ধাবা এণ্ড ৰেষ্টুৰেন্টত চলাইছিল অবৈধ ড্ৰাগছৰ ব্যবসায়।