অহা ৮ অক্টোবৰত অসমলৈ আহিব অমিত শ্বাহ-জেপি নাড্ডা

270

গুৱাহাটীঃ অহা ৮ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

এই কথা অসম বিজেপিয়ে এক বিবৃতিত জনাইছে।

গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক বৃহৎ দলীয় বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই অসমৰ বিজেপি কৰ্মী আৰু নেতাসকলক সম্বোধন কৰিব।

অসমৰ বিজেপিৰ প্ৰায় ৪০ হাজাৰ কৰ্মী-নেতা এই বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে।

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা খেলপথাৰত অনুষ্ঠিত হ’ব বিজেপিৰ বৈঠক।

ইফালে, অসম বিজেপিৰ দলীয় নেতৃত্ব পৰিৱৰ্তনৰ সম্ভাৱনাও এই সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।