অহা ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হব মাজুলী-যোৰহাট সংযোগী দলঙৰ নির্মাণকার্য

112

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ঘোষণা কৰে যে মাজুলী-যোৰহাট সংযোগী নতুন দলঙৰ নিৰ্মাণ কাৰ্য ৩০ নৱেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব।

মাজুলীৰ নামনি জকাইবোৱাত পিএইচই বিভাগৰ অধীনত সৌৰ পাইপযুক্ত পানী যোগান আঁচনিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ৩০ নৱেম্বৰত পুনৰ নদী দ্বীপটো ভ্ৰমণ কৰিব আৰু নতুন দলংখনৰ আধাৰশিলা স্থাপন কৰিব।

তেওঁ কয়, “মই আগতে ঘোষণা কৰিছো যে মাজুলীত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এখন নতুন দলং নিৰ্মাণ কৰা হ’ব আৰু প্ৰথম আধাৰশিলা স্থাপন ৩০ নৱেম্বৰত কৰা হ’ব আৰু দলংখন সম্পূৰ্ণ কৰিবলৈ ৪ বছৰ সময় লাগিব।”

মুখ্যমন্ত্ৰীয়ে আন মন্ত্ৰীৰ সৈতে মডেল কলেজ, পলিটেকনিক কলেজ, সাংস্কৃতিক বিশ্ববিদ্যালয় আৰু এখন আয়ুৰ্বেদিক চিকিৎসালয়ৰ প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কয় যে সকলো প্ৰকল্প সঠিক সময়ত সম্পূৰ্ণ কৰা হ’ব।