অহা ৩০ দিনৰ ভিতৰত ৰাজ্যৰ পৰা উৎখাত হ’ব নকল সোণ আৰু জাল নোটৰ ব্যৱসায়ঃ DGP জি পি সিং

315

অসমৰ আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে শনিবাৰে ৰাজ্যত ভুৱা সোণ আৰু নকল ভাৰতীয় মুদ্ৰাৰ নোটৰ ৰেকেটৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ আশ্বাস দিয়ে।

তেওঁ লগতে উল্লেখ কৰে যে যোৱা নিশা অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ভুৱা সোণ আৰু এফআইচিএনৰ ব্যৱসায়ৰ সৈতে জড়িত প্ৰায় ৭৫ জন লোকক আটক কৰিছে। বিশ্বনাথ জিলাতো আৰক্ষীয়ে ৬.৫ লাখ টকা আৰু ভুৱা সোণৰ টুকুৰা উদ্ধাৰ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ডিজিপিয়ে জানিবলৈ দিয়ে।

লগতে অহা ৩০ দিনৰ ভিতৰত অসমৰ পৰা নকল নোট আৰু জালি নোটৰ ব্যৱসায় উৎখাত কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ডিজিপিয়ে।

তদুপৰি অসম আৰক্ষীৰ ডিজিপিয়ে আৰু কয় যে অপৰাধমূলক প্ৰকৃতিৰ যিকোনো ধৰণৰ কামত নিয়োজিত আৰক্ষী বিষয়াৰ প্ৰতি তেওঁ সম্পূৰ্ণ নিৰ্দয় হ’ব।

ডিজিপিয়ে লগতে কয়, ‘যদি কোনো লোক জড়িত হৈ থাকে তেন্তে সেয়া তেওঁলোকৰ নিজৰ দায়িত্ব, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে যিকোনো ধৰণৰ অপৰাধমূলক কাৰ্যত জড়িত বুলি ধৰা পৰা আৰক্ষী বিষয়াৰ বিৰুদ্ধে নিৰ্দয় ব্যৱস্থা গ্ৰহণ কৰিব।