অহা ১২ জুলাইৰ পৰা আৰম্ভ হব হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন…

75

ৰাজ্যত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে ইতিমধ্যে এটা মাহ সম্পূৰ্ণ কৰিছে। এই এটা মাহত চৰকাৰে কি কি নতুনত্ব আনিলে সেয়া সৰ্বজনবিদিত। তাৰ মাজতে অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হব এই চৰকাৰখনৰ প্ৰথমখন বাজেট অধিৱেশন। এমাহ ধৰি চলিবলগীয়া এই বাজেট অধিৱেশনৰ চতুৰ্থ দিনা অৰ্থাৎ ১৬ জুলাইত চৰকাৰৰ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে। আজি এই কথা জানিবলৈ দিয়ে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই।

আজি অনুষ্ঠিত হোৱা সংসদীয় বৈঠকৰ পিছত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰা হব ১৬ জুলাইত। এই বাজেটত মহিলাসকলৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ লগতে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ বিষয়টোৱে স্থান লাভ কৰিব বুলি আশা কৰিছে ৰাজ্যবাসীয়ে।