অহা ১ মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী চাফাৰী। ইষ্টাৰ্ণ অসম ৱাইল্ডলাইফ ডিভিজন, বোকাখাতৰ বন সংমণ্ডলৰ বিষয়াই জাৰি কৰা এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে।
অৱশ্যে বাৰিষাৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰি ১৫ মে’লৈকে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী খোলা ৰখা হ’ব বুলিও জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জাননী যোগে জানিবলৈ দিয়া মতে, বাৰিষা কালত পথৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি ১৫ মে’ পৰ্যন্ত জীপ জাফাৰী খোলা ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।