অহা ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

81

কোভিড পৰিস্থিতিৰ বাবে দীৰ্ঘদিন বন্ধ হৈ থকাৰ পিছত অহা ১ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখন মুকলি দিয়াৰ বাবে যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

উদ্যান কৰ্তৃপক্ষই সদৰী কৰা মতে, প্ৰথম পৰ্যায়ত উদ্যানখনৰ কঁহৰা আৰু বাগৰী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি হ’ব যদিও বাট-পথ মেৰামতি হোৱাৰ পিছত অগৰাতলী আৰু বুঢ়াপাহাৰ বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব। বৰ্তমান কাজিৰঙাত পৰ্যটকৰ বাবে জীপ ছাফাৰীহে মুকলি হ’ব।

ইপিনে প্ৰতিবছৰৰ দৰে নৱেম্বৰ মাহৰ পৰা হাতী ছাফাৰীও পৰ্যটকৰ বাবে মুকলি হ’ব বুলি সদৰী কৰে উদ্যান কৰ্তৃপক্ষই। ২০২০-২১ পৰ্যটন বৰ্ষত কোভিডৰ বাবে বিদেশী পৰ্যটক কাজিৰঙালৈ নাহিলেও ঘৰুৱা পৰ্যটকৰ আগমনে অভিলেখ সৃষ্টি কৰিছিল।

উল্লেখ্যে যে ২ লাখতকৈ অধিক পৰ্যটকে বিগত বৰ্ষত দৰ্শন কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আগন্তুক ২০২১-২২ পৰ্যটন বৰ্ষতো পৰ্যটকৰ পৰা ব্যাপক সহাৰি লাভ কৰিব বুলি আশাবাদী উদ্যান কৰ্তৃপক্ষ।