অসুস্থ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী, হাস্পতালত ভৰ্তি

285

শাৰীৰিক অসুস্থতাৰ বাবে হাস্পতালত ভৰ্তি অসমীয়া ছবি জগতৰ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী।

দীপাৱলীৰ দিনাই গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি অভিনেতাগৰাকীক।

অভিনেতাগৰাকী আক্ৰান্ত হৈছিল হৃদৰোগত।

তাৰ পিছতে তেওঁক নেমকেয়াৰ হাস্পতালৰ হৃদ ৰোগ বিভাগৰ আইচিইউত ভৰ্তি কৰোৱা হয়।

বৰ্ষীয়ান অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি উদ্বিগ্ন হৈ পৰিছে তেওঁৰ অলেখ অনুৰাগী।

নিপন গোস্বামীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধসকলে।