ঘোষণা কৰা হৈছে অসম বিধানসভাৰ উপ নিৰ্বাচনৰ তাৰিখ। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ৩০ অক্টোবৰত অসমৰ ৫টা বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হব। এই সন্দৰ্ভত অহা ১ অক্টোবৰত অধিসূচনা জাৰি কৰা হব।
ইফালে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৮ অক্টোবৰ। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৬ অক্টোবৰ। ২ নৱেম্বৰত ঘোষণা কৰা হব উপ নিৰ্বাচনৰ ফলাফল।
উল্লেখ্য যে, গোসাঁইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই উপ–নিৰ্বাচন। মাজুলীৰ উপ–নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই। সৰ্বানন্দ সোণোৱালে এতিয়াও ত্যাগ কৰা নাই বিধায়ক পদ।
