অসমৰ সাম্প্ৰতিক পৰিস্থিতি ক লৈ অসম সাহিত্য সভাৰ উদ্বেগ

102

ষ্টাফৰিপৰ্টাৰ, ক’ৰনাজনিত পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জ্বলা কলা কৰি থকাৰ সময়তে ভয়াবহ বানৰ দুৰ্যোগত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। ভূতৰ ওপৰত দানহৰ দৰে ৰাজ্যৰ ৩৩ খন জিলাৰ ২৪ খনেই সম্প্ৰতি প্ৰলয়ংকাৰি বানৰ কবলত পৰাই নহয় চৰকাৰী তথ্য মতে এতিয়ালৈকে ৮৫ জন লোক মৃত্যু মুখত পৰাৰ লগতে প্ৰায় সহস্ৰাধিক জীৱ জন্তুৰ মৃত্যু ঘটিছে। বানৰ বিভীষিকাৰ কবলত পৰি আপোন ঘৰখন এৰি মথাউৰি, বিদ্যালয়,অশ্ৰয় শিবিৰত দিন ৰাতি কটোৱা বৰ্ণাত্য সকলৰ ওচৰত থিয় দিবলৈ অসম সাহিত্য সভাৰ প্ৰতিখন জিলা,শাখা সাহিত্য সভা কৰ্মকৰ্তা আৰু অসমৰ ৰাইজক আহ্বান জনাইছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই।আৰ্থিক ভাৱে সকলোকে সহায় সাহায্য আগবঢ়া়ব নোৱাৰিলেও বিপদৰ এই কৰুণ সময়ত একাষৰ মাত লগালেও বৰ্ণাত্য সকলে কিছু উৎসাহ অনুভৱ কৰিব। বিশ্বত্রাস ক ‘ৰণা অতিমাৰীয়ে অসমতো দিনক দিনে ভয়াবহ ৰূপ লোৱাত উদিগ্নতা প্ৰকাশ কৰি অসমৰ জনসাধাৰণক এই অতি মাৰীক ৰোধ কৰিবলৈ সজাগতা মূলক সকলো নিয়ম নীতি মানি চলিবলৈ সভাই আটাইকে অনুৰোধ জনায়। এই সময় চোৱাত সভাই বিভিন্ন পৰ্যায়ত সময়ে সময়ে সামাজিক মাধ্যমৰ জৰিয়তে ৱেবিনাৰ আৰু বিভিন্ন সাহিত্য বিষয়ক অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ জনায় আৰু এতিয়া এই জাতীয় দুৰ্যোগৰ মুহূৰ্ত্তত সভাৰ কৰ্মকৰ্তা সকলে পিৰীতৰ ওচৰত থিয় দি মানৱীয় প্ৰমূল্য বোধৰ পৰিচয় দিবলৈ কৰ্মকৰ্তা আটাইকে আহ্বান জনায়। ক’ৰনা ভয়াবহতাৰ মাজতে যাতে বানাক্ৰন্ত, খহনীয়া গ্ৰস্ত সকল যাতে অৱহেলিত হ’বলগীয়া নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ অসম চৰকাৰক আহ্বান জনোৱাৰ লগতে ভাৰত চৰকাৰেও সমস্যাবোৰ ৰ সৈতে যুঁজ দিব পৰাকৈ পৰ্যাপ্ত কেন্দ্ৰীয় অনুদান মুকলি কৰি দিবলৈ দাবী জনায়।