অসমৰ বান দুৰ্যোগৰ মাজতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা মুকেশ আম্বানীৰ

455

ভাৰতৰ আটাইতকৈ ধনাঢ্য ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পুত্ৰ অনন্ত আম্বানীয়ে অসমৰ বন্যাৰ্তৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে ২৫ কোটি টকা।

টুইটাৰত এই বিষয়ে জানিবলৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “মুকেশ আম্বানী আৰু অনন্ত আম্বানীলৈ মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা আগবঢ়াই এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত অসমৰ জনসাধাৰণৰ সৈতে থিয় দিছে। তেওঁলোকৰ মহানুভৱতাৰ আমি শলাগ লৈছো। ইয়াৰ দ্বাৰা আমাৰ বান সাহায্য ব্যৱস্থা বৃদ্ধি কৰাত বহুখিনি আগুবাঢ়িব পাৰিম।’’

উল্লেখ্য যে, কিছুদিন পূৰ্বে বলিউডৰ তাৰকা চনু সুদ, পৰিচালক ৰোহিত ছেট্টী আৰু অৰ্জুন কাপুৰেও অসমৰ বানাক্ৰান্ত জনতাৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ লাখ টকাকৈ আগবঢ়াইছিল।

সংগীত প্ৰযোজক ভূষণ কুমাৰেও অসমৰ বানাক্ৰান্তৰ বাবে মুখ্যমন্ত্ৰী পুঁজিলৈ ১১ লাখ টকা আগবঢ়ায়।

প্ৰণিধানযোগ্য যে, অসমত চলিত বৰ্ষত বাৰিষাৰ বানে প্ৰাণ কাঢ়িছে ১১৮ জনকৈ লোকৰ। ৰাজ্যখনৰ ৫৫ লাখৰো অধিক লোক বানৰ কবলত পৰাৰ লগতে বৰ্তমানো প্লাবিত হৈ আছে কেইবাখনো জিলাৰ বিস্তৃৰ্ণ অঞ্চল।