অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আহিল ভাল খবৰ

23

নৱবৰ্ষৰ আৰম্ভণিতে অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এটা সু-খবৰ। ‘নিউয়ৰ্ক টাইমছ’ত প্ৰকাশ পাইছে ২০২৫ বৰ্ষত পৰ্যটকে ভ্ৰমণ কৰিব পৰা ৫২খন ঠাইৰ নাম। য’ত এই ঠাইসমূহৰ মাজত স্থান লাভ কৰিছে অসমে। আগশাৰীৰ সংবাদ গোষ্ঠীটোৱে নিজাববীয়াকৈ চলাইছিল সমীক্ষা। সমীক্ষাত অন্যতম পৰ্যটনস্থলী হিচাপে স্থান পাইছে অসমে।অসমৰ বাবে এয়া মাইলৰ খুঁটি।২০২৫ চনৰ ভ্ৰমণ কৰিবলগীয়া ৫২ পর্যটন ক্ষেত্রত চতুর্থ শীর্ষ স্থান দখল কৰিছে অসমে। য’ত ইয়াৰ অনন্য সাংস্কৃতিক সমৃদ্ধি, মনোৰম প্ৰাকৃতিক দৃশ্য আৰু উদীয়মান পৰ্যটন আন্তঃগাঁথনিৰ কথা উল্লেখ কৰা হৈছে।চৰাইদেউৰ মৈদাম হ’ল এই স্বীকৃতিৰ এটা মুখ্য কাৰক।অসমৰ পৰ্যটনৰ ক্ষেত্ৰৰ আন এক উল্লেখযোগ্য অৱদান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। যি হৈছে UNESCOৰ এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ। যি ইয়াৰ এশিঙীয়া গঁড়ৰ জনসংখ্যাৰ বাবে বিখ্যাত।